সভ্য সমাজৰ মানুহবোৰক ধিক্কাৰ দিব কোনে৷ অন্ধ সমাজক ধিক্কাৰ দি লাভ হ’ব জানো৷ মানুহ অদূৰদৰ্শি হৈছে? যাৰ বাবে প্ৰকৃতিৰ জামাদাৰ ৰূপে পৰিচিত শগুণে হাহাকাৰ কৰি থকাৰ পিছতো মানুহবোৰ সজাগ নহ’ল৷ মানৱ সমাজৰ বন্ধু শগুণ নামৰ প্ৰজাতিয়ে অসমত হাহাকাৰ কৰিছে৷ এটা প্ৰজাতিৰ বিলুপ্তি ঘটিব ধৰাৰ সময়তো অসমৰ মানুহে শগুণ সংৰক্ষণৰ বাবে জন আন্দোলন গঢ়ি তুলিব নোৱাৰিলে৷ সভ্যসমাজ চিন্তিত নহ’ল৷
যাৰ ফৰল স্বৰূপে হ’ল কি? প্ৰকৃতিৰ জামাদাৰক সংৰক্ষণ কৰিব নোৱাৰা এইখন সমাজৰ চকুৰ সন্মুখতে এটা প্ৰজাতি বিলুপ্ত হৈ পৰিল৷ কিন্তু সমাজ সজাগ-সচেতন নহ’ল৷ দক্ষিণ কামৰূপত প্ৰকৃতিৰ জামাদাৰৰ অপমৃত্যুৰ খবৰক বহু লোকে সহজে ল’ব পৰা নাই৷ বিশেষ ছয়গাঁৱৰ মিলনপুৰত এশৰো অধিক হিমালয়াণ প্ৰজাতিৰ শগুণৰ মৃত্যু হোৱাৰ পিছতে এই ধাৰা অব্যাহত আছে৷ শগুণৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শগুণৰ অস্বাভাৱিক মৃত্যুৰ পিছতো কেৱল পৰিস্থিতিৰ বুজ লৈয়ে দায়িত্ব সামৰিছে বন প্ৰাধিকাৰী বিষয়া, বন বিভাগ কিম্বা প্ৰকৃতিপ্ৰেমি সংস্থাই৷ প্ৰকৃতিৰ জামাদাৰক সংৰক্ষণ কৰিবলৈ বিশেষ ব্যৱস্থা কোনো পক্ষই ন’ললে৷ ছয়গাঁও এলেকাত বিগত কেইটামান দিনত প্ৰকৃতিৰ জামাদাৰ খ্যাত বহু শগুণৰ মৃত্যু হৈছে৷ বিষাক্ত খাদ্য ভক্ষণৰ ফলত শগুণৰ মৃত্যুৰ আশংকা কৰি অহা হৈছে৷ কামৰূপৰ শগুণৰ নিধন যজ্ঞ অব্যাহত থকাত বিভিন্ন লোকে সামাজিক মাধ্যমত প্ৰশ্ন তুলিছে৷ চৰকাৰ, সমাজ, প্ৰশাসন, প্ৰকৃতিপ্ৰেমি সংস্থাই একো নকৰিলে৷
শগুণে জীয়াই থাকি পৃথিৱীখন পৰিস্কাৰ কৰি ৰাখিব খোজে৷ কিন্তু মানুহে জীয়াই থাকিব নিদিলে৷ পুনঃ শগুণৰ মৃত্যু হৈছে অধম মানৱৰ হাতত। দক্ষিণ কামৰূপৰ বৰিহাট অঞ্চলৰ নিৰলপুৰ গাঁৱত ১৪ এপ্ৰিলত খাদ্যৰ বিষক্ৰিয়াৰ পুনৰ ফলত ২৪টা শগুণৰ মৃত্যু হৈছে৷ আন ১২টা শগুণ বনবিভাগৰ সহযোগত ৰাণী শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰলৈ চিকিৎসাৰ বাবে নিয়া হৈছে।
বিগত ৩ মাৰ্চত ছয়গাঁও মিলনপুৰ অঞ্চলত এশটা শগুণ আৰু এটা ষ্টেপ্পী ঈগলৰ মৃত্যু হৈছিল। উক্ত ঘটনাত বিষাক্ত কাৰ্বফুৰাণ ব্যৱহাৰ কৰা বুলি প্ৰমাণিত হৈছে। ইয়াৰ পিছত পুনৰ ৯ এপ্ৰিলত ৰাণী অঞ্চলত ১০টা শগুনৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ য’ত ৩টা শগুণৰ মৃত্যু হৈছিল আৰু ৭টা সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছিল। ১৪ এপ্ৰিলত আকৌ ৰাণী বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বৰিহাট অঞ্চলৰ নিৰলপুৰত ৩৬টা শগুণৰ বিষক্ৰিয়া হয়। ইতিমধ্যে ২৪টা শগুনৰ মৃত্যু হৈছে আৰু ১২টা শগুণ ৰাণী শগুণ সংৰক্ষণ প্ৰজনন কেন্দ্ৰ, বনবিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হৈছে। এই ধৰণৰ ঘটনাবোৰে মানৱ সমাজক লজ্জিত নকৰা হৈছে৷ জীৱশ্ৰেষ্ঠ বুলি ফিতাহী মাৰি ফুৰাৰ অধিকাৰ আছে নে?
মানুহৰ অদূৰদৰ্শিতাই এটা প্ৰজাতিক কিদৰে বিলুপ্তিৰ মুখলৈ ঠেলি দিব পাৰে তাৰ এটা অন্যতম উদাহৰণ হ’ল শগুণ। মাত্ৰ দুই দশক আগলৈ ভাৰতত প্ৰায় ৪০ নিযুত শগুণ আছিল। কিন্তু বৰ্তমান এই সংখ্যা কমি আহি প্ৰায় ৬০,০০০ পাইছেহি আৰু ই দিনে দিনে ভয়ানক হাৰত হ্ৰাস পাইহে আহি আছে। ১৯৯৬-২০০৬ এই সময়চোৱা ভিতৰতেই শগুণৰ সংখ্যা ৯৭ শতাংশ হ্ৰাস হৈছে। ইতিমধ্যেই আটাইতকৈ খৰকতীয়াকৈ সংখ্যা হ্ৰাস পোৱা প্ৰজাতিৰূপে পৰিগণিত হোৱা এই পৰিঘটনাটোক Asian Vulture Population Crash জনাজাত হৈছে।
প্ৰকৃতিৰ জামাদাৰৰূপে পৰিচিত এই প্ৰজাতিটোৰ এনে বিপদজনক সংখ্যা-হ্ৰাসৰ কথা পোন-প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল ১৯৯৭ চনত৷ মুম্বাই নেচাৰেল হিষ্ট্ৰি চছাইটিৰ এটা দলে ৰাজস্থানৰ কেওলাদেও ঘানা ৰাষ্ট্ৰীয় উদ্যানৰ শগুণৰ জাকৰ অস্বাভাৱিকভাৱে মৃত্যু হোৱাৰ পিছতে গৱেষণা কৰাৰ পিছতে ওলাই অহা তথ্য মতে, ২০০০-২০০৭ চনৰ ভিতৰত বগা পৃষ্ঠৰ শগুণৰ সংখ্যা বছৰি প্ৰায় ৪৩.৯ শতাংশ হাৰত কমি আহিছিল। ১৯৯২ চনৰ কেইবালাখো বগা পৃষ্ঠৰ শগুণৰ সংখ্যা ১১ বছৰৰ ভিতৰত কমি গৈ ১১,০০০ ৰ সীমা চুইছিল। তেনেদৰেই দীঘল ঠোঁটৰ শগুণৰ সংখ্যা ১৫ লাখৰ পৰা ৪৫,০০০ আৰু লাহী ঠোঁটৰ শগুণৰ সংখ্যা ৩৩,০০০ ৰ পৰা ১০০০ হৈছিলগৈ ২০০৯ চনলৈ। এই দুটা প্ৰজাতিৰ সংখ্যাৰ প্ৰায় ৯৭ শতাংশ হ্ৰাস হৈছিল এই সময়ছোৱাৰ ভিতৰত।