সৰুপথাৰঃ কেইবাটাও গুৰুতৰ বিপদৰ মাজত ৰাজ্যৰ নাগৰিক৷ ক’ৰোনাৰ সন্ত্ৰাস, বানৰ তাণ্ডৱৰ মাজতে বিদ্যুৎৰ লুকা-ভাকুৱে বিপদ পেলাইছে নাগৰিকক। ইয়াৰ মাজতে ধনশিৰিৰ বৰপথাৰ মৌজাৰ ওপৰ লাংঠাত যোৱা ৮ জুনৰ পৰাই বিদ্যুতৰ যোগান ব্যাহত হৈ আছে। ফলত ২৪ দিনেই অন্ধকাৰত কটাব লগীয়া হৈছে অঞ্চলটো৷ ১৬৩ ঘৰ বিদ্যুতৰ গ্ৰাহক থকা অঞ্চলটোত থকা ট্ৰেন্সফৰ্মাৰটো বিকল হৈছিল। বিকল হোৱাৰ পিছৰে পৰা ৰাইজে কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দি ট্ৰেন্সফৰ্মাৰটো মেৰামতি কৰি দিবলৈ দাবী জনাই আহিছে দিও তিলমানো গুৰুত্ব দিয়া নাই বিদ্যুৎ বিভাগে৷
গ্ৰাহকসকলে কৰ্তৃপক্ষৰ ওচৰলৈ কেইবাবাৰো গৈছে যদিও এ.পি.ডি.চি.এল অনাদায় হৈ থকা বিল আদায় দিলেহে বিদ্যুৎ সংযোগ দিয়া হ’ব বুলি কয়৷ ৰাইজে জনোৱা মতে, কৰ্তৃপক্ষই অনাদায় ধন পৰিশোধ কৰিলেহে ট্ৰেন্সফৰমাৰ পুনৰ মেৰামতি কৰাৰ কথা কয়। একাংশ নিয়মীয়াকৈ বিল দি থকা গ্ৰাহকে প্ৰশ্ন কৰিছে যে একাংশৰ দোষৰ বাবে সকলোকে কিয় শাস্তি দিয়া হৈছে। তেওঁলোকৰ মতে অনাদায় বিলৰ গ্ৰাহকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লওক। নিয়মীয়া গ্ৰাহকসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত নকৰিবৰ বাবে আহ্বান জনাইছে ৰাইজে।
বৰ্তমান অনলাইন শ্ৰেণী চলি থকাৰ সময়ত বিদ্যুতৰ অভাৱে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীক পেলাইছে বিপাঙত। শীঘ্ৰে সমস্যাসমাধানৰ দাবী জনাইছে গ্ৰাহকসকলে।