গুৱাহাটীঃ শাসক-বিৰোধী ক্ষমতা দখলৰ কুচ-কাৱাজত ব্যস্ত৷ বিৰোধীয়ে আগন্তুক নিৰ্বাচনত দিছপুৰ দখল হুংকাৰ দি অহাৰ সময়তে শাসকীয় দলে বিৰোধীক দিছপুৰ দখলৰ সুবিধা কোনো কাৰণতে দিব খোজা নাই৷ যাৰ বাবে এবছৰ পূৰ্বৰ পৰাই মিচন-১০০ৰ শ্ল’গান দি আহিছে শাসকীয় বিজেপিয়ে৷ ৰাজ্যৰ ১২৬ বিধানসভা সমষ্টিৰ ১০০ খন আসন দখলৰ লক্ষ্য লৈ বিজেপিয়ে কাম কৰি গৈছে৷
বিগত তিনিদিন ধৰি অসম ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত কাৰ্যালয়ত ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বিএল সন্তোষৰ উপস্থিতিত ইখনৰ পিছত সিখন বৈঠক অনুষ্ঠিত কৰি নিৰ্বাচনী ৰণত নমাৰ বাবে মন্থন কৰে বিজেপিয়ে৷ তাৰ মাজতে শুকুৰবাৰে হেঙেৰাবাৰী কাৰ্যালয়ত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী৷ অনুসূচীত জাতিৰ ছাত্ৰ সন্থা আৰু অসম নৱনিৰ্মাণ সেনাৰ প্ৰাক্তন সভাপতিৰ লগতে অৰ্ধশতাধিক দল-সংগঠনৰ নেতা-কৰ্মী আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰে৷
যোগদান কাৰ্যসূচীত উপস্থিত থাকি নতুনকৈ অহা বিজেপিৰ সদস্যসকলক আদৰণি জনাই ৰাজ্যিক সভাপতি ৰণজিৎ দাসে৷ বিজেপি এটা দল নহয়, এক মিচন বুলি কৈ যুৱ শক্তিৰ জৰিয়তে মিচন-১০০ৰ লক্ষ্যত উপনীত হোৱাৰ পৰিকল্পনা কৰিছে বুলিও কয়৷ হেঙেৰাবাৰীত অনুষ্ঠিত যোগদান কাৰ্যসূচী সম্বোধন কৰি সভাপতি দাসে কয়, ব্যক্তি নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ নীতি অনুসৰণ কৰে বিজেপিয়ে৷