অনিৰ্দিষ্ট কাললৈ যোৰহাট-মাজুলী মাজৰ নিমাতী ঘাটৰ ফেৰী সেৱা বন্ধ ঘোষণা কৰিছে মাজুলী জিলা প্ৰশাসনে৷ ব্ৰহ্মপুত্ৰৰ বুকুত পানীৰ জলস্তৰ বৃদ্ধি পোৱাত বন্ধ ফেৰী সেৱা বন্ধ কৰিছে মাজুলী জিলা প্ৰশাসনে৷ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ বন্ধ যোৰহাট-মাজুলী মাজৰ নিমাতী ঘাটৰ ফেৰী সেৱা বন্ধ কৰা হৈছে। ফেনে ফোটাকাৰে ব্ৰহ্মপুত্ৰত নৈৰ পানী বাঢ়ি অহাত কাঠৰ টুকুৰাকে ধৰি বিভিন্ন সামগ্ৰী উটি অহাত ফেৰী তথা যাত্ৰী বিপদত পৰিব পাৰে বুলি সন্দেহ কৰি বন্ধ কৰা হৈছে ফেৰী সেৱা। পূৰ্বেই অনলাইনত টিকট বুক কৰা যাত্ৰীক ধন উভতাই দিব কৰ্তৃপক্ষই৷