অনাস্থা প্ৰস্তাৱ খাৰিজ কৰি পাকিস্তান নেচনেল এচেম্বলী ভংগ কৰাৰ পিছতে পাক সেনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ পাক সেনাৰ জনসম্পৰ্কৰ সঞ্চালক প্ৰধান বাবৰ ইফতিখাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় পাক সেনাৰ হাত একেবাৰে নাই। আজি যি হৈছে ইয়াত সেনাৰ কোনো ভূমিকা নাই৷ আজি আবেলি পাকিস্তানৰ নেচনেল এচেম্বলী ভংগ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত আন্তঃসেৱা জনসম্পৰ্কৰ সঞ্চালক প্ৰধান বাবৰ ইফতিখাৰে স্পষ্ট কৰি কয় যে চৰকাৰৰ ক্ষেত্ৰত সেনাৰ কোনো হাত নাই৷ পাকিস্তানৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ আজি খাৰিজ কৰি জাতীয় সংসদ ভংগ কৰা হয়৷ তাৰ বিপৰীতে ৯০ দিনৰ ভিতৰত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন৷ ভোটাদানৰ বাবে অনুষ্ঠিত নেচনেল এচেম্বলীলৈ এনেদৰে আহি ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে দিছিল এই পৰামৰ্শ৷ ৰাষ্ট্ৰপতি আলভিৰ পৰামৰ্শ আৰু প্ৰধানমন্ত্ৰী ইমৰান খানৰ পৰামৰ্শ অনুসৰি পাক নেচনেল এচেম্বলী ভংগ কৰি দিয়া হয়৷ ইয়াৰ দ্বাৰা বিৰোধীক শক্তি প্ৰদান কৰিবলৈ কোনো সুবিধা প্ৰদান নকৰিলে৷ শাসকীয় দলৰ নেতাজনে নতুনকৈ নিৰ্বাচন আহ্বান কৰিবলৈ পৰামৰ্শ দিয়াৰ কেইমিনিটমান পিছত ভংগ কৰা হয় এচেম্বলী। ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ নাকচ, ৯০ দিনত নতুন নিৰ্বাচনৰ সম্ভাৱনাই দেখা দিছে৷