পাকিস্তানৰ মহিলা বিষয়াৰ পৰা প্ৰেমত বলিয়া হৈ ভাৰতৰ নিৰাপত্তা বিষয়ক তথ্য সৰবৰাহ কৰা এগৰাকী ভাৰতীয় জোৱানক গ্ৰেপ্তাৰ হ’বলগীয়া হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হনি ট্ৰেপিং কাণ্ডত ফচাই পাক মহিলাই ভাৰতৰ আভ্যন্তৰীণ বহু তথ্য সৰকোৱাৰ অভিযোগত সেনা জোৱানক গ্ৰেপ্তাৰ কৰা হয়৷ ৰাজস্থান আৰক্ষীৰ সঞ্চালক প্ৰধান (চোৰাংচোৱা) উমেশ মিশ্ৰাই এক বিবৃতিত এই কথা উল্লেখ কৰিছে৷ যোধপুৰ ৰেজিমেণ্টৰ সেনা জোৱানসকলে পাকিস্তানৰ চোৰাংচোৱা বিষয়াৰ (পিআইঅ’) ফান্দত পৰি তথ্য প্ৰকাশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে জোৱানক।