ডিজিটেল ডেস্কঃ সাংসদ প্ৰদান বৰুৱা ক’ৰোনা পজিটিভ৷ আজিৰে পৰা অনুষ্ঠিত সদনৰ বৰ্ষাকালীন অধিবেশনত অংশ ল’বৰ বাবে দিল্লীত উপস্থিত হোৱা সাংসদগৰাকী ক’ৰোনা পজিটিভ ধৰা পৰিছে৷ সকলো সাংসদে ক’ৰোনা পৰীক্ষা কৰাটো বাধ্যতামূলক আছিল আৰু প্ৰদান বৰুৱাও পৰীক্ষা কৰাত পজিটিভ ধৰা পৰিছে৷ বৰ্তমান দিল্লীস্থিত সাংসদ আৱাসত আইছোলেট হোৱা বুলি জানিব পৰা গৈছে৷
আজিৰে পৰা অনুষ্ঠিত সদনৰ বৰ্ষাকালীন অধিবেশনৰ প্ৰথম দিনটোত ১৭গৰাকী সাংসদ ক’ৰোনা পজিটিভ ধৰা পৰিছে৷ বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত হোৱাৰ পূৰ্বে কৰা পৰীক্ষাৰ আজি ওলোৱা ফলাফলত ১৭গৰাকী সাংসদ ক’ৰোনা পজিটিভ ধৰা পৰিছে৷ সংসদ ভৱনৰ চৌহদতে কোভিড পৰীক্ষা কৰা হৈছিল৷ ১২গৰাকী সাংসদ বিজেপিৰ, ৱাইএছআৰ কংগ্ৰেছৰ দুজন, শিৱসেনা-ডিএমকে আৰু আৰএলপিৰ এজন-এজন সাংসদ ক’ৰোনা পজিটিভ ধৰা পৰিছে৷