অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে শিৱসাগৰত বিক্ষোভ প্ৰদৰ্শন শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ। আছুৰ শতাধিক কৰ্মীয়ে শিৱসাগৰ দৌলমুখ চাৰিআলিত বিক্ষোভ প্ৰদৰ্শন কৰে। আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকনৰ নেতৃত্বত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱসাগৰতো তীব্ৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই। আছুৰ শতাধিক কৰ্মী তথা বিষয়-ববীয়াই শিৱসাগৰ দৌলমুখ চাৰিআলিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰে। পেট্ৰল ডিজেলসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ চূড়ান্ত ব্যৰ্থ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে আছুৱে।