বোকাজানঃ বিগত কেইবাটাও মাহ ধৰি বোকাজান মহকুমাৰ খটখটি, বোকাজান, সৰিয়হজান, শিলনীজান, ডিলাই আদি অঞ্চলত হত্যা, অপহৰণ, ধৰ্ষণ, শিশু-কিশোৰীক যৌন নিৰ্যাতন, ধন দাবী, ডকাইতি আদি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ প্ৰতিনিয়ত বৃদ্ধি পাই অহা ঘটনাসমূহে মহকুমাটোৰ সচেতন মহলক হতচকিত কৰি তোলাৰ লগতে বোকাজান মহকুমা আৰক্ষী প্ৰশাসনৰো নিদ্ৰা হৰণ কৰিছে।
এনে ঘটনা সমূহে বোকাজানত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি অহাৰ সময়তে পুনৰ আজি বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ফুলবাৰীত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড৷ বোকাজান নগৰৰ দাতিকাষৰীয়া অঞ্চল ফুলবাৰীৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ৱে ব্ৰীজত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে নিশা ৱে ব্ৰীজত ৰখাই থোৱা এন এল-০১-এ-১৩২৩ নম্বৰৰ ট্ৰাকখনৰ চালক কৃষ্ণ চৌহান চেত্ৰী, হেণ্ডিমেন মেঘৰাজ চেত্ৰী আৰু অমল চেত্ৰী নামৰ এজন স্থানীয় লোকে মিলি সুৰাপান কৰে।
অতিমাত্ৰা সুৰাপানৰ ফলত কিবা কথাত ট্ৰাকখনৰ চালক কৃষ্ণ চৌহান চেত্ৰী আৰু হেণ্ডিমেন মেঘৰাজ চেত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। দুয়োৰে মাজত কাজিয়া সংঘটিত হোৱাত অমল চেত্ৰীয়ে ঘটনা স্থলীৰপৰা ঘৰলৈ গুচি আহে আৰু ইয়াৰে সুযোগ বুজি মেঘৰাজ চেত্ৰীয়ে কৃষ্ণ চৌহান চেত্ৰীক মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে ৱে ব্ৰীজত উপস্থিত অান ট্ৰাক চালকসকলে।
পৰৱৰ্তী সময়ত বোকাজান থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃৃতদেহ উদ্ধাৰ কৰাৰ লগতে হেণ্ডিমেন মেঘৰাজক আটক কৰে।উল্লেখ্য যে মৃত চালক কৃষ্ণ চৌহান চেত্ৰীৰ ঘৰ গোলাঘাট জিলাৰ বৰপথাৰৰ হাতীঘূলি গাঁৱত আৰু হত্যাকাৰী মেঘৰাজ চেত্ৰীৰ ঘৰ নগালেণ্ডৰ ডিমাপুৰত। ইতিমধ্যে কৃষ্ণ চৌহান চেত্ৰীৰ পৰিয়ালৰ লোকে বোকাজান আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত বোকাজান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।