হাৰিয়ানৰ এগৰাকী মন্ত্ৰীয়ে পঞ্জাৱ চৰকাৰক তীব্ৰ সমালোচনা কৰাই নহয় আপৰ নিৰ্বাচিত বিধায়কসকলক অটোৰ ড্ৰাইভাৰ, মোবাইল মেৰামতি কৰা লোক বুলি কটুক্তি কৰিছে৷ বিজেপি নেতা তথা হাৰিয়ানাৰ শক্তি মন্ত্ৰী ৰঞ্জিত সিঙে এইদৰে আক্ৰমণ কৰে পঞ্জাৱৰ আপৰ নৱ-নিৰ্বাচিত বিধায়কসকলক৷ মন্ত্ৰী ৰঞ্জিত সিঙে কয় যে পঞ্জাৱৰ বিত্তীয় পৰিস্থিতি যথেষ্ট বেয়া। আপ চৰকাৰৰ মন্ত্ৰীসকল অনভিজ্ঞ, কাৰো পূৰ্বৰ ৰাজনৈতিক অভিজ্ঞতা নাই। তেওঁলোকৰ ৯০ শতাংশ লোকে কেতিয়াও বিধানসভা দেখা নাছিল। কিছুমানে মোবাইল মেৰামতি কৰিছিল, আনহাতে কিছুমান অটো-ড্ৰাইভাৰ আছিল৷