ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত ‘অগ্নিপথক’লৈ প্ৰতিবাদ হৈ থকাৰ মাজতে মন্তব্য আগবঢ়াইছে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে৷ প্ৰতিৰক্ষামন্ত্ৰী গৰাকীয়ে কৈছে যে “যোৱা 2 বছৰধৰি, কোনো নিযুক্তি প্ৰক্ৰিয়া নোহোৱাৰ বাবে যুৱ সকলে সশস্ত্ৰ বাহিনীত অন্তৰ্ভুক্ত হোৱাৰ সুযোগ পোৱা নাছিল। সেয়ে চৰকাৰে উৰ্দ্ধতম বয়সৰ সীমা ২১ বছৰৰ পৰা ২৩ বছৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে”।
‘অগ্নিপথক’লৈ শেহতীয়াকৈ বিহাৰ, উত্তৰ-প্ৰদেশ, অসমকে ধৰি বহু কেইখন ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰিছে যুৱ প্ৰজন্মই৷ ভাৰতীয় সেনাৰ ঠিকাভিত্তিক নিযুক্তিকলৈ তীব্ৰ বিৰোধীতা কৰিছে প্ৰতিবাদকাৰীয়ে৷ বিহাৰত অসম অভিমুখী এখন ৰে’ইলকে ধৰি, নালন্দাৰ ইছলামপুৰ ষ্টেচন ইতিমধ্যেই প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে৷ ইয়াৰ উপৰিও উত্তৰপ্ৰদেশৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰীয়ে৷ অসমৰ তিনিচুকীয়া জিলাটো বহুজনে ‘অগ্নিপথ’ৰ বিৰোধীতাৰে প্ৰতিবাদ সাবস্ত্য কৰিছে৷