মানিকপুৰঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে দিছপুৰ দখলৰ যুঁজ তীব্ৰ কৰিছে৷ প্ৰতিটো ৰাজনৈতিক দলে উজনি-নামনি আৰু বৰাক উপত্যকাত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে এইবাৰ নামনি অসমত সষ্টম হৈ পৰিছে আঞ্চলিক দল অসম গণ পৰিষদ৷ অগপই বিভিন্ন বিধানসভা সমষ্টিসমূহ গঠন কৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে৷
তেনে সময়তে বঙাইগাঁও জিলাৰ টুলুঙীয়াত অগপৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতাৰ উপস্থিতিত আজি বিশেষ সভা অনুষ্ঠিত হয়৷ অভয়াপুৰী উত্তৰ আৰু দক্ষিণ বিধান পৰিষদ গঠন কৰিবলৈ অনুষ্ঠিত সভাত অগপ নেতা তথা যোগান মন্ত্ৰী ফণীভূষন চৌধুৰী, বিলাসী পাৰা পুৱ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰকানন্ত বৰুৱা, অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰবিন ভনিক্য আৰু প্ৰাক্তন বিধায়ক ভূপেন ৰায় উপস্থিত থাকে৷
পুৱা ১১ বজাত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ন কৰে অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰবিন ভনিক্যই। ১২ বজাত অভয়াপুৰী উত্তৰ আৰু দক্ষিণ বিধান পৰিষদ গঠন কৰা হয়৷ এই সভাত দুয়োটা সমষ্টি পুনৰ অগপৰ দখললৈ অনাৰ বাবে সংকল্প লয় অগপৰ নেতা-কৰ্মীয়ে৷