মাজুলীঃ ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ সময়তে মাজুলী অগপত মোক্ষম আঘাত হানিলে এগৰাকী নেতাই। মাজুলী জিলা অগপৰ জ্যেষ্ঠ নেতা জিতেন ডেকাই পদত্যাগ কৰে। অগপৰ কেন্দ্ৰীয় নেতৃত্বই কেৱল ক্ষমতাৰ স্বাৰ্থত ৰাষ্ট্ৰীয় দল বিজেপিৰ সৈতে মিতিৰালি কৰি অসমৰ আঞ্চলিকতাবাদক সমূলি ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰি মাজুলী জিলা অগপৰ জ্যেষ্ঠ নেতা জিতেন ডেকাই পদত্যাগ কৰে৷
এখন সংবাদমেল অনুষ্ঠিত কৰি জিতেন ডেকাই কয় যে গোলাঘাটত অনুষ্ঠিত জাতীয় অভিৱৰ্তনৰ পিছত অসমত শক্তিশালী আঞ্চলিকতাবাদ প্ৰতিষ্ঠাৰ উদ্দেশ্যে গঠন হোৱা অসম গণ পৰিষদ দলৰ বৰ্তমানৰ নেতৃত্বই জন্মলগ্নৰ সৈতে জড়িত হোৱা বহু নিষ্ঠাবান কৰ্মীক একাষৰীয়া কৰি স্বৈৰাচাৰী নীতিৰে দলক নেতৃত্ব দিছে।
সুদীৰ্ঘ ৩৫ বছৰে দলৰ বেয়া দিনটো দলক নেতৃত্ব দিয়া নেতা-কৰ্মীক এতিয়া কেন্দ্ৰীয় নেতৃত্বই চিনিয়েই নাপায়। গতিকে এইসকলৰ নেতৃত্বত দলত থকাৰ কোনো পৰিৱেশ নেদেখি অগপ ত্যাগ কৰিলো বুলি কয়।
১৯৮৫ চনত গঠন হোৱা অসম গণ পৰিষদ দলৰ মাজুলীৰ প্ৰথমখন জিলা কাৰ্যনিৰ্বাহক সদস্য তথা ১৯৯১ চনৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য ১৯৯৫ চনৰ পৰা ২০১৪ চনলৈকে চাৰি বাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা অগপৰ কেন্দ্ৰীয় প্ৰাক্তন সাংগঠনিক সম্পাদকৰ দায়িত্বত থকা জিতেন ডেকাই কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে সংবাদমেল যোগে বিষোদগাৰ প্ৰকাশ কৰি আনুষ্ঠানিকভাৱে অগপ দল ত্যাগ কৰে। ২০০৪ চনৰ পৰা ২০১০ চনলৈকে মাজুলী জিলা অগপৰ সভাপতিৰ দৰে দায়িত্ব বহন কৰা ডেকাই কেন্দ্ৰীয় সমিতিখনে মাজুলীৰ অগপৰ জেষ্ঠ নেতাসকলৰ কোনো নূন্যতম সৌজন্যতাও প্ৰকাশ নকৰাত দুখ প্ৰকাশ কৰি এনে সিদ্ধান্ত লবলৈ বাধ্য হলো বুলি প্ৰকাশ কৰে।
সাম্প্ৰতিক সময়ত অসম গণ পৰিষদ দলে আঞ্চলিকতাবাদৰ চৰিত্ৰ বিসৰ্জন দিয়া বুলি অগপৰ জেষ্ঠ নেতাগৰাকীয়ে উল্লেখ কৰি ১৯৮৫ চনত জন্ম হোৱা দলটোৱে মুখ্য উদ্দেশ্যে পৰা এতিয়া আতৰি আহিছে বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰি দলৰ প্ৰাথমিক সদস্যৰ পৰাও স্ব-ইচ্ছাৰে ত্যাগ কৰাৰ কথা ঘোষণা কৰে। বৰ্তমান মাজুলী জিলাৰ নতুন সমিতিৰ গঠনত তেওঁ অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে অগপৰ ৪৫ মিনিটৰ কেন্দ্ৰীয় অধিবেশনক লৈয়ো অসন্তুষ্টি প্ৰকাশ কৰে। বৰ্তমান কোনো ৰাজনৈতিক দলত যোগদান কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ডেকাই বৰ্তমান কোনো ৰাজনৈতিক দলত যোগদানৰ কথা প্ৰকাশ নকৰিলেও ভৱিষ্যতৰ দিনত সময়ৰ দাবীত চিন্তাৰ সালসলনি হোৱাৰ কথা ইংগিত দিয়ে জ্যেষ্ঠ নেতাগৰাকীয়ে।