বেবেজীয়াৰ পৰা জয়ন্ত মুদৈঃ অখিল ভাৰতীয় সাহিত্য সভাৰ মাহেকীয়া সাহিত্য পাঠৰ অনুষ্ঠানটি নগাঁও হোমিওপেথিক মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়৷ অখিল ভাৰতীয় সাহিত্য সভাৰ স্থায়ী সভাপতি ড° দিলীপ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত নিয়মীয়া সাহিত্য পাঠৰ ওপৰিও সাংগঠনিক দিশ সৰ্ম্পকে আলোচনা কৰি পৰিষদৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন খনি অহা মাৰ্চ মাহৰ ভিতৰতে পতাৰ বাবে সিদ্ধান্ত গ্ৰহন কৰা হয় ৷ তদুপৰি কলিয়াবৰ, কামপুৰ, ৰহা আৰু ধিঙত অনতিপলমে একোখনকৈ শাখা সমিতি গঠনৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইফালে, পৰিষদৰ সচিব মুনিন্দ্ৰ শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত কাবেৰী মহন্ত, কৃষ্ণা কলিতা, অনু কোঁৱৰ, ৰশ্মীৰেখা হাজৰীকা, বিষ্ণুপ্ৰিয়া দাস, চন্দ্ৰ শইকীয়া আৰু শিশু কবি গীতাঞ্জলী দাসে একোটাকৈ স্বৰচিত কবিতাৰ লগতে কবি প্ৰিয়াংঞ্ছু শৰ্মাই প্ৰয়াত ৰঞ্জিৎ শৰ্মাৰ কবিতা পাঠ কৰি উপস্থিত শ্ৰোতাক কাব্যানন্দ প্ৰদান কৰে। বিষ্ণুপ্ৰিয়া দাসে এটি বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা অনুস্থানটিত পৰাণ দাসে বাঁহী বাদন, শিশু শিল্পী গীতাঞ্জলী দাসে বৰগীত, দিগন্ত ভাগৱতীয়ে এটি স্বৰচিত গীত পৰিবেশনেৰে অনুষ্ঠানৰ সৌষ্ঠৱ্য বৃদ্ধি কৰে ৷ অনুষ্ঠানত পৰিষদৰ উপদেষ্টা ডিম্বেশ্বৰ শইকীয়া, কৃপাসিন্ধু অধিকাৰীৰ, কোষাধ্যক্ষ সুনীল শৰ্মাকে ধৰি বহুকেইজন লোক উপস্থিত থাকে৷