February 1, 2023, 8:39 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিঃ মাজনিশা আৰক্ষীলৈ আহিল ফোনকল বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা

অখিল ভাৰতীয় মহায়ান বৌদ্ধ মহানীপা সংঘৰ ২৯ সংখ্যক বাৰ্ষিক অধিবেশন সম্পন্ন

Reporter Name
  • Update Time : Saturday, March 19, 2022
  • 73 Time View

কোকৰাঝাৰঃ ৰাজ্যসভাৰ নিৰ্বাচনত চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। বিৰোধীৰ মাজত একতা নাই, কোনো কাৰণতে একতা বজাই ৰাখিব নোৱাৰে। সেয়া আজিৰ কথা নহয়, বিৰোধীৰ ঐক্যহীনতা সদায়ে দেখি অহা ঘটনা। সেয়ে বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ইউপিপিএলৰ প্ৰাৰ্থী ৰৌণগৌৰা নাৰ্জাৰী খুব ভালভাৱেই জিকিব বুলি আশা কৰিছো। এই মন্তব্য প্ৰকাশ কৰিছে প্ৰমোদ বড়োৱে।
কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তবৰ্তী সৰলপাৰাত যোৱা ১৬ মাৰ্চৰ পৰা আৰম্ভ হোৱা অখিল ভাৰতীয় মহায়ান বৌদ্ধ মহানীপা সংঘৰ ২৯ সংখ্যক বাৰ্ষিক অধিবেশন আৰু বৌদ্ধ ধৰ্মৰ মৌন ধ্যান-উপৱাস অনুষ্ঠানৰ আজি অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থাকি প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত উক্ত মন্তব্য কৰে। প্ৰমোদ বড়োৱে দুয়োজন প্ৰাৰ্থীকে আগতীয়া অভিনন্দন জ্ঞাপন কৰি ৰাজ্যসভাত ইউপিপিএলৰ পৰা এজন প্ৰাৰ্থী দিবলৈ সুযোগ দিয়াৰ বাবে মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীৰ নেৰ্তৃত্বত আলাপ আলোচনাৰে ৰণকৌশল তৈয়াৰ কৰা হৈছে বুলি মন্তব্য কৰি নিৰ্বাচনৰ পিছত দুয়োগৰাকী সাংসদে সদনত বলিষ্ঠ পদক্ষেপ ল’ব বুলি আশা প্ৰকাশ কৰিছে।
উল্লেখ্য যে আজি ভাৰত ভূটান সীমান্থৰ সৰলপাৰাত আজি অখিল ভাৰতীয় মহায়ান বৌদ্ধ মহানীপা সংঘৰ ২৯ সংখ্যক বাৰ্ষিক অধিবেশন আৰু বৌদ্ধ ধৰ্মৰ মৌন ধ্যান-উপৱাস অনুষ্ঠানৰ অন্তিম দিনৰ কাৰ্যসূচীত নেপালৰ বিশ্ববিখ্যাত শিল্পী, বৌদ্ধ ভিক্ষুণী তথা ৱাৰ্ল্ড ৱাইড ফাণ্ডৰ (World Wide Fund -WWF)ৰ ৰাষ্ট্ৰদূত (ambassador) আনি চোইয়িং ডোলমা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। বৌদ্ধ ধৰ্মগুৰু খেনচেন্ ৰিনপোচেৰ পৰা শিল সমাধি গ্ৰহণ কৰি যোৱা ১৭ মাৰ্চৰ পৰা আৰম্ভ হোৱা মৌন ধ্যান আৰু উপৱাস আজি পুৱা অন্ত পৰে। আয়োজক সমিতিৰ সম্পাদক সন্তোষ পাখৰীনে কয় যে বৌদ্ধ ধৰ্মই সদায় শান্তিৰ বাণী বিলাই আহিছে আৰু সমাজত শান্তি প্ৰতিষ্ঠা হোৱাটোৱেই সকলোৱে কামনা কৰে। আজিৰ অন্তিম দিনৰ কাৰ্যসূচীত বৌদ্ধ ধৰ্মৰ দেশ বিদেশৰ বৌদ্ধ ভিক্ষু উপস্থিত থকাৰ লগতে কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰী, বিটিচিৰ মনোনিত সদস্য মাধৱ ছেত্ৰীৰ লগতে আন বহু বিশিষ্টই অংশগ্ৰহণ কৰে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে