নিউজ ডেস্কঃ আকৌ বিচাৰ চলিব অখিল গগৈৰ বিৰুদ্ধে। নিয়াৰ আদালতত চলিব গোচৰ। কা বিৰোধী আন্দোলনৰ সময়ত চলিছিল গোচৰ । নিয়াৰ আদালতে খাৰিজ কৰিছিল গোচৰ । নিয়া দাৰস্থ হৈছিল উচ্চ ন্যায়ালয়ৰ । উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান নিয়াৰ আদালতত চলিব গোচৰ । ২৩ ফেব্ৰুৱাৰীত জামিন আবেদন কৰিব লাগিব অখিল গগৈয়ে । কা বিৰোধী আন্দোলনৰ সময়ত নিয়াই গ্ৰেপ্তাৰ কৰিছিল অখিল গগৈ, ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালক । ২০১৯ চনৰ ডিচেম্বৰ মাহত গ্ৰেপ্তাৰ হোৱাৰ পাছত ডেৰ বছৰ কাৰাগাৰত আছিল অখিল গগৈ। জে’লৰ পৰাই বিধায়ক নিৰ্বাচিত হৈছিল অখিল গগৈ । তাৰ পাছত নিয়াৰ আদালতে নিয়াৰ গোচৰক খাৰিজ কৰি দিছিল। ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল নিয়া ৷ উচ্চ ন্যায়ালয়ে নিয়াৰ আদালতত পুনৰ গোচৰ চলোৱাৰ অনুমতি প্ৰদান কৰে ।