বৰপথাৰঃ গোলাঘাট জিলাৰ বৰপথাৰৰ টেঙানী হুৰহুৰিয়া গাঁৱৰ ৰাইজে একলগ হৈ আগবঢ়ালে গাঁঠিৰ ধন অখিল গগৈৰ আইনী যুঁজৰ বাবে।উল্লেখযোগ্য যে, এই টেঙানীতে জন্ম হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।
জনতাৰ কণ্ঠ অখিল গগৈক আইনী মেৰপাকেৰে বান্ধি আজি আঠ মাহ ধৰি বাকৰুদ্ধ কৰি ৰখা কাৰ্যক তীব্ৰ গৰিহণা জনোৱাৰ লগতে এই আইনী যুঁজত সফল হৈ পুনৰ মুকলি আকাশৰ তললৈ আহিব পাৰে তাৰে কামনা কৰে বৃহত্তৰ টেঙানী ৰাইজে।