বৰপথাৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জন্ম হৈছিল গোলাঘাট জিলাৰ টেঙানীত৷ অখিল গগৈক নেতা ৰূপে প্ৰতিষ্ঠা কৰিছিল টেঙানীবাসীয়ে৷ এই কথা স্মৰণ কৰি আজি আবেগিক হৈ পৰিল টেঙানীবাসী৷ তেওঁলোকে সমগ্ৰ ৰাজ্যক নেতা ৰূপে চিনাকী কৰি দিয়া অখিল আজি জেলত৷ টেঙানীবাসীয়ে এই কথা সহ্য কৰিব পৰা নাই৷ অখিল গগৈক সকলো প্ৰকাৰৰ সহায় কৰিবলৈ আগবাঢ়ি আহিছে৷
ৰাজ্যৰ বিভিন্ন স্থানৰ ৰাইজৰ লগতে গোলাঘাট জিলাৰ বৰপাথৰৰ টেঙানীৰ ৰাইজে অখিল গগৈৰ আইনী যুঁজৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা পৰিলক্ষিত হৈছে৷ অখিল গগৈৰ আইনী যুঁজৰ বাবে গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ টেঙানীৰ ১৬নং দীঘলী গাঁৱৰ ৰাইজে ঘৰে ঘৰে গাঁঠিৰ ধন সংগ্ৰহ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিক প্ৰদান কৰিছে।
ৰাইজে হাতৰ ধন দি কয় যে টেঙানী অঞ্চলৰ পৰাই জন্ম হৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতি। জনতাৰ কণ্ঠ অখিল গগৈক আইনী মেৰপাকত বান্ধি আজি ৮ মাহে কাৰাৰুদ্ধ কৰি ৰাখিছে৷ কাণ্ডক টেঙানিৰ ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে কৃষক নেতাজন মুকলি আকাশৰ তললৈ আহিব পৰাকৈ আইনী যুঁজত সহায় কৰে বৃহত্তৰ টেঙানীবাসী ৰাইজে।