আজি সমাজবাদী পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি অখিলেশ যাদৱে লোকসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰিছে। আন এগৰাকী সমাজবাদী পাৰ্টীৰ নেতা আৰু প্ৰাক্তন মন্ত্ৰী আজম খানেও লোকসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰিছে। অখিলেশ যাদৱ মৈনপুৰীৰ কাৰহাল সমষ্টিৰ পৰা বিধায়ক আৰু ৰামপুৰ সমষ্টিৰ পৰা আজম খান বিধায়ক নিৰ্বাচিত হৈছে। অখিলেশ যাদৱ বিৰোধী দলৰ নেতা হ’ব পাৰে। উল্লেখ্য যে, বিধানসভা নিৰ্বাচনত অখিলেশ যাদৱে কাৰহাল আসনত ড০ এছ পি সিং বাঘেলক পৰাজিত কৰিছে। যদিও নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ সমাজবাদী পাৰ্টীয়ে এশখন আসনৰ সীমা অতিক্ৰম কৰি দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে পৰিগণিত হৈছে। দৰাচলতে, বিধানসভা নিৰ্বাচনৰ ফলাফল অহাৰ পিছৰে পৰা চৰ্চা চলি আছিল যে অখিলেশ যাদৱে বিধায়ক পদ ত্যাগ কৰিব নে লোকসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰিব। আজি লোকসভাৰ সদস্যপদৰ পৰা পদত্যাগ কৰি এই আলোচনা বিৰাম দিয়ে৷ অখিলেশ যাদৱেও সামাজিক মাধ্যমৰ জৰিয়তে বিজেপিক লক্ষ্য কৰি আহিছে। টুইট কৰি কয় যে বিজেপিৰ শাসনৰ অধীনত গণতন্ত্ৰ সুৰক্ষিত হ’ব বুলি আশা কৰাটো হ’ল দিনটোত তাৰকা বিলাক বিচাৰি উলিওৱা।