লক্ষ্ণৌঃ বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে বিৰোধীয়ে ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) চুৰি হোৱাৰ অভিযোগ উত্থাপন কৰে৷ এই সম্পৰ্কীয় তিনিটা ঘটনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে। বেনাৰসত ইভিএম চুৰিৰ অভিযোগৰ সন্দৰ্ভত এজন এডিএম পদবীৰ বিষয়াক অপসাৰণ কৰা হৈছে। জিলা প্ৰশাসনে বৰেলীৰ গণনাস্থলীত আৱৰ্জনাৰ গাড়ীত পোৱা ডাক ৱেলেটক লৈ সমাজবাদী পাৰ্টীৰ কৰ্মীয়ে হুলস্থুল সৃষ্টি কৰাৰ পিছতে আৰঅ’-এছডিএম বাহেৰী পাৰুল তাৰাৰক আঁতৰাই বদলি কৰে। সোনভদ্ৰাৰ এছডিএমকো বদলি কৰা হৈছে। প্ৰশাসনে স্বীকাৰ কৰি কয় যে ইভিএম সম্পৰ্কীয় নিয়ম অনুসৰণ কৰা হোৱা নাছিল। সমাজবাদী পাৰ্টিৰ কৰ্মীসকলে বাৰাণসীৰ গণনা কেন্দ্ৰৰ পৰা ইভিএম মেচিন কঢ়িয়াই নিয়াৰ সময়ত ধৰা পেলাইছিল। পিছত, নিৰ্বাচন আয়োগ আৰু বাৰাণসী প্ৰশাসনে স্পষ্ট কৰি দিয়ে যে এই ইভিএম ভোটদানত ব্যৱহাৰ কৰা হোৱা নাছিল৷ বিষয়াসকলে দাবী কৰিছিল যে এই ইভিএম প্ৰশিক্ষণৰ বাবে লৈ যোৱা হৈছিল।
১০ মাৰ্চত বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই ইভিএমৰ স্থানান্তৰৰ বিষয়টোৱে এক বিতৰ্কৰ সৃষ্টি কৰিছে৷ দৰাচলতে, সমাজবাদীৰ মুৰব্বী অখিলেশ যাদৱে মঙলবাৰে অভিযোগ কৰি কয় যে ভোট গণনাৰ ৪৮ ঘণ্টা আগতে বাৰাণসীত অবৈধভাৱে ইভিএম মেচিন পৰিবহন কৰা হৈছিল৷ মঙলবাৰে সন্ধিয়া সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি প্ৰশাসনে স্বীকাৰ কৰে যে ইভিএমৰ চলাচলৰ প্ৰটকলত ত্ৰুটি আছে৷ অৱশ্যে তেওঁ কয় যে এই যন্ত্ৰসমূহ কেৱল প্ৰশিক্ষণৰ উদ্দেশ্যেহে অনা হৈছিল।
সমাজবাদী দলৰ দ্বাৰা শ্বেয়াৰ কৰা ভিডিঅ’টোত প্ৰশাসনে কয় যে যদি আপুনি ইভিএমৰ চলাচলৰ প্ৰটকলৰ কথা কয়, তেন্তে প্ৰটকলত ত্ৰুটি হৈছিল, ইয়াক স্বীকাৰ কৰিছে৷ প্ৰশাসনে গেৰাণ্টি দিব কয় যে ভোটদানত ব্যৱহৃত যন্ত্ৰবোৰ আঁতৰ কৰাটো অসম্ভৱ। তাত নিৰাপত্তাৰক্ষী আৰু ৰাজনৈতিক দলৰ প্ৰতিনিধি আছিল। ৰাজনৈতিক দলসমূহৰ কৰ্মীসকলেও তেওঁলোকৰ ওপৰত নজৰ ৰাখিবলৈ কেন্দ্ৰসমূহৰ বাহিৰত বহিব পাৰে।