March 28, 2023, 5:50 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

‘অকৰ্মণ্য বিধায়িকা’ বুলি খ্যাতি লাভ ৰ’জলীনা তিৰ্কীৰ, কংগ্ৰেছে বিশ্বাস ভংগ কৰিছে সৰুপথাৰবাসীৰ

Reporter Name
  • Update Time : Saturday, August 29, 2020
  • 185 Time View

নুমলীগড়ঃ আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনৰ বাবে উজনি-নামনি আৰু বৰাক উপত্যকাত সষ্টম হৈ পৰিছে শাসকীয় বিজেপি দল। শাসকীয় বিজেপি দলে ৰাজ্যৰ প্ৰতিটো সমষ্টিত ৰনডংকা বজাই থকাৰ সময়তে সৰুপথাৰ সমষ্টিত উঠি-পৰি লাগিছে বিজেপি৷ সৰুপথাৰ সমষ্টিৰ মৰঙী মৌজাৰ ২নং পোৰাজংঘলত মৰঙী মণ্ডল বিজেপিৰ উদ্যোগত মৰঙী মণ্ডলৰ সভাপতি সুৰেন্দ নাথ গগৈৰ সভাপতিত্বত এখন সাংগঠনিক সভা অনুষ্ঠিত হয় শনিবাৰে। সভাত বিভিন্ন ৰাজনৈতিক দলৰ শতাধিক নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে৷

সভাত গোলাঘাট জিলা বিজেপিৰ উপ-সভাপতি বিশ্বজিত ফুকন উপস্থিত থাকি কংগ্ৰেছৰ দুৰ্নীতি, ভ্ৰষ্টচাৰ, অপ-শাসনৰ পৰিৱৰ্তে বিজেপিৰ উন্নয়ন আৰু বিকাশ বিচাৰি দৈনিক সৰুপথাৰৰ ভিন্ন প্ৰান্তত শ শ লোকে বিজেপিত যোগদান কৰিছে বুলি দাবী কৰে। ফুকনে সৰুপথাৰত বিজেপি দলত যোগদানৰ জোৱাৰ উঠিছে বুলি কৈ বিগত পোন্ধৰ বছৰে কংগ্ৰেছৰ দখলত থকা সৰুপথাৰ সমষ্টিৰ মৰঙী মৌজাবাসী বঞ্চিত হৈ থাকিল বুলি কয়৷ যাৰ বাবে কংগ্ৰেছৰ প্ৰতি ৰাইজৰ বিশ্বাস ভংগ হোৱা বুলি কয় ফুকনে।

গোলাঘাট জিলা বিজেপিৰ উপ-সভাপতি বিশ্বজিত ফুকনে আৰু কয় যে এতিয়া দৈনিক শ শ লোকে বিজেপি দলত যোগদান কৰিছে। যেন পৰিবৰ্তন বিচাৰিছে সৰুপথাৰবাসীয়ে। বিজেপি নেতা বিশ্বজিৎ ফুকনে সৰুপথাৰৰ বৰ্তমানৰ বিধায়িকা ৰ’জলীনা তিৰ্কীক ‘অকৰ্মণ্য বিধায়িকা’ খ্যাতি লাভ কৰা বুলি কৈ বিধায়িকাগৰাকী অকৰ্মণ্য বাবেই সৰুপথাৰৰ সমষ্টিবাসীৰ উন্নয়ন হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে। গোলাঘাট জিলা বিজেপিৰ উপ-সভাপতি বিশ্বজিত ফুকনৰ নেতৃত্বত কংগ্ৰেছৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি অহা পৰিলক্ষিত হৈছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে