সৰুপথাৰঃ ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ৰাস্তা-ঘাটৰ উন্নয়ন হোৱা বুলি দাবী কৰি থাকিলেও আজিও ৰাজ্যৰ বিভিন্ন ঠাইত পথৰ কদৰ্য ৰূপৰ বাবে ৰাইজক জীয়াতু ভোগাই আহিছে৷ বিভিন্ন জিলাসমূহত আজিও ৰাইজে বোকা-পানীৰ মাজেৰে আহ-যাহ কৰি থাকিব লগা হৈছে৷
গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত আজিও জৰাজীৰ্ণ পথেৰে আহ-যাহ কৰিবলগীয়া হোৱাত ক্ষোভিত হৈ পৰিছে ৰাইজ৷ গোলাঘাট জিলাৰ অন্যমত ব্যস্ত পথ গেলাবিল চাৰিআলি-সৰুপথাৰ টাউন পথৰ অৱস্থাই ৰাইজক জ্বলা-কলা খুৱাইছে৷ মেৰামতিৰ অভাৱত পথত গাতৰ সৃষ্টি হোৱাৰ লগতে গাতত একাঠু পৰ্যন্ত পানী জমা হৈ থকাত ৰাইজে গাড়ী-মটৰ চলোৱাটো দূৰৰ কথা খোজ কাঢ়ি যাব পৰা পৰিবেশ নোহোৱা হৈছে৷
বছৰৰ পিছত বছৰ ধৰি মেৰামতি নকৰাৰ ফলত পথটোত এতিয়া যাতায়াত কৰিব পৰা পৰিবেশ নোহোৱা হৈছে৷ ৰাইজে পথটো নিৰ্মাণৰ দাবী জনাই আহিছে যদিও স্থানীয় অকৰ্মণ্য বিধায়িকাই গুৰুত্ব প্ৰদান কৰা নাই৷ ফলত ৰাইজ এতিয়া ক্ষোভিত হৈ পৰিছে৷ কেঁচা মাটিৰ পথতকৈও হীন অৱস্থাৰ মৰণফাণ্ড স্বৰূপ পথটোৰে সৰুপথাৰ মহকুমাটোৰ গেলাবিল, সৰুপথাৰ তথা উৰিয়ামঘাট টাউনলৈ আহ-যাহৰ মূল পথ। পথটোত দিনটোৰ প্রায় ২৪ ঘণ্টাই চলাচল কৰে পাথৰ কঢ়িওৱা ডাম্পাৰ আৰু অএনজিচিৰ গাড়ী।
কিন্তু পথটোত অতি মাত্ৰা বোজাই কঢ়িওৱা গাড়ী চলিব পৰাকৈ নিৰ্মাণ নকৰাৰ ফলতেই বাৰে বাৰে পথটো কদৰ্যৰূপ ধাৰণ কৰে বুলি ৰাইজে ক’ব খোজে। মৰণফাণ্ডৰ ৰূপ লোৱা পথটো নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ নিমাত হোৱাৰ লগতে স্থানীয় অকৰ্মণ্য বিধায়িকাগৰাকীৰ দুৰ্বল ভূমিকাৰ বাবে ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে বুলি কয়৷