শিৱসাগৰঃ নেৰানেপেৰা বৰষুণত দিখৌ নৈৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ থকাত কেইবা খনো গাঁৱৰ ৰাইজে আতংকিত হৈ সময় পাৰ কৰিব লগা হৈছে৷ ফেনে-ফোটোকাৰে দিখৌ নৈ বাঢ়ি অহাৰ ফলত শিৱসাগৰ-নাজিৰাৰ কেইবা ঠাইত মথাউৰিৰ ওপেৰেৰে পানী বৈ যাবলৈ আৰম্ভ কৰাত আতংকিত হৈ পৰিছে ৰাইজ। শিৱসাগৰ ৰংপুৰ পঞ্চায়তৰ মেটেকা মাজগাঁও পানীচকাৰ অএনজিচি ৰীগৰ সমীপৰে দিখৌৰ মথাউৰিৰ এক বৃহৎ অংশ খহি পৰাত মেটেকা-বগীদ’ল অঞ্চলৰ শ শ গাঁৱৰ প্ৰতি ভাবুকি আহিছে।
জলসম্পদ বিভাগে ভাগি পৰা অংশ ৰাইজৰ সহযোগত মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰি থকা পৰিলক্ষিত হৈছে৷ কিন্তু এতিয়াও সংকট আঁতৰা নাই। অএনজিচিয়ে নিৰ্মাণ কৰি থকা ৰীগটোৰ যান-বাহন চলাচল কৰিবলৈ এক ৰেম্প নিৰ্মাণ কৰাৰ বাবে মথাউৰিৰ প্ৰতি ভাবুকি অহাৰ অভিযোগ উত্থাপন কৰিছে জলসম্পদ বিভাগে।
সোমবাৰে পুৱতি নিশা কোঁৱৰপুৰ-শান্তিপুৰ আদি অঞ্চলত মথাউৰিৰ ওপৰেৰে পানী বাগৰাৰ ফলত ৰাইজ জীৱন-সম্পত্তিৰ চিন্তাত পৰিছে। বহু পৰিয়ালৰ ঘৰ-দুৱাৰ পানীত বুৰ গৈছে। ইমানৰ পিছতো শিৱসাগৰত কংগ্ৰেছ আৰু বিজেপি দলে নিশাৰ কাৰ্ফিউক লৈ লেতেৰা ৰাজনীতি কৰি অহা দেখা গৈছে।